ABOUT US

১৯৬৪ চনৰ সাত জানুৱাৰী তাৰিখে কিছুসংখ্যক প্ৰাতস্মৰণীয় বিদ্যোৎসাহী ব্যক্তিৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰত স্ত্ৰীশিক্ষাৰ উদ্দেশ্য আগত ৰাখি ৰামছাৰাণী বালিকা এম,ই স্কুলে প্ৰতিষ্ঠা লাভ কৰে । কালক্ৰমত ১৯৮৫ চনত সহশিক্ষাৰ শিক্ষানুষ্ঠান হিচাপে ধাৰাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় নাম লৈ  প্ৰাদেশিকীকৃত হয় । ইয়াৰ পৰবৰ্তী সময়ত ১৯৯২ চনত এই মহান বিদ্যালয়খনিয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয় । এই বিদ্যালয়ত সম্প্ৰতি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ থকাৰ উপৰিও বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ইয়াত এটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ স্থাপিত হৈছে । আমাৰ বিদ্যালয়ৰ দুয়োটা চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক ।প্ৰতি বছৰে নব্বৈ শতাংশৰ ওপৰত ছাত্র ছাত্ৰী ইয়াৰ পৰা উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভৰ বাবে অন্যান্য কলেজত গৈ নামভৰ্তি কৰাৰ সুযোগ লাভ কৰি আহিছে ।

 

Dharapur, Guwahati, Assam 781017, India

©2020 by Dharapur Higher Secondary School.