- Dharapur HS School
ছয়ানব্বৈ শতাংশ উত্তীৰ্ণৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাফল্য
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ছয়ানব্বৈ শতাংশ উত্তীৰ্ণৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এই অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । এইবেলি এইখন বিদ্যালয়ৰ পৰা মুঠ সত্তৰ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত সাতষষ্ঠি গৰাকীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে এই অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে । উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ছয় গৰাকীয়ে লেটাৰ নম্বৰসহ প্ৰথম বিভাগত,চৈধ্য গৰাকীয়ে দ্বিতীয় বিভাগত আৰু বাকী কেইগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ শতাংশ হিচাপত বিদ্যালয়ে বিগত কেইবাবছৰে এই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হোৱা বাবে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে ।

25 views0 comments