Search
  • Dharapur HS School

ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্ছত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাফল্য

গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(ছাই) খেলপথাৰত অনুষ্ঠিত স্কুল পৰ্যায়ৰ ৰাজ্যিক আন্ত:জিলা এথলেটিক্ছ প্ৰতিযোগিতাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ইদুল হুছেইনে দুশ মিটাৰ দৌৰত সোণৰ পদক আৰু এশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ এথলীটৰ সন্মান লাভ কৰে । ইদুলৰ এই সাফল্যই বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ দাস আৰু অধ্যক্ষ উৎপল শৰ্মাই ইদুল হুছেইন আৰু তেওঁৰ প্ৰশিক্ষিকা মনীষা শৰ্মা বৰুৱালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে ।


29 views0 comments